প্ৰণামো চৰণে তোমাৰ
তুমিয়েই প্ৰিয় প্ৰভু মোৰ
আৰাধনা সদা হওক তোমাৰ
যীচু তুমি পৰম পিতা মোৰ
ক্ৰুচ কাঠত প্ৰাণ দি জীৱন দিলা
মোৰ পাপৰ বোজা বৈ মুক্তি দিলা
ক্ৰুচ কাঠত প্ৰাণ দি জীৱন দিলা
মোৰ পাপৰ বোজা বৈ মুক্তি দিলা
সেইবাবেই কৰোঁ তোমাৰ স্ততি ধন্যবাদ
প্ৰণামো চৰণে তোমাৰ
তুমিয়েই প্ৰিয় প্ৰভু মোৰ
আৰাধনা সদা হওক তোমাৰ
যীচু তুমি পৰম পিতা মোৰ
জীৱনৰ বাটত মই অনাই-বনাই
ঘূৰি যে আছিলোঁ হাবাথুৰি খায় ২
প্ৰেম আৰু দলাৰে তুলি ল’লা মোক
ব্যায়াকুলতা দূৰ হ’ল পালোঁ তোমাক ২
নাজানো কিয় যে মোক প্ৰেম কৰিলা
প্ৰণামো চৰণে তোমাৰ
তুমিয়েই প্ৰিয় প্ৰভু মোৰ
আৰাধনা সদা হওক তোমাৰ
যীচু তুমি পৰম পিতা মোৰ
যীচু তোমাক বিচাৰোঁ মনে-প্ৰাণে
চলি যাম তোমাৰ পথত প্ৰতি দিনে ২
ক্ৰু কাঠত বলি হৈ
দিলা আপোন প্ৰাণ
পালোঁ যে মই এতিয়া অনন্ত জীৱন ২
তেজ দি উদ্ধাৰিলা পাপৰ পৰা মোক
প্ৰণামো চৰণে তোমাৰ
তুমিয়েই প্ৰিয় প্ৰভু মোৰ
আৰাধনা সদা হওক তোমাৰ
যীচু তুমি পৰম পিতা মোৰ