যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
পিতৃ হৈছে ইশ্বৰ তোমাৰ
মাতৃ মৰিয়ম
দায়োদৰ বংশত আহি
ললাহি জনম
যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
কিনো তোমাৰ লীলা প্ৰভু
কিনো তোমাৰ লীলা
সাগৰৰ ওপৰত খোজ
কাঢ়ি দেখুৱালা
যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
কিনো তোমাৰ লীলা প্ৰভু
কিনো তোমাৰ লীলা
দুকুৰি দিনলৈকে
লঘোণে আছিলা
যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
সাতোটা পিঠাৰে প্ৰভু
কেইটিমান মাছেৰে
চাৰি হাজাৰ ভকতক
সন্তোষ্ট(সন্তুষ্ট) কৰিলা
যীচু মোৰ দয়াৰে সাগৰৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
দিনে নিশাই নাম ললে
নেলাগে ভাগৰ
—Ranjan Chutia