হোম হো হো…হোম হো হো..
হোম হো হো…হোম হো হো..
জিল মিল তৰা
আকাশত নতুন তৰা
এন্ধাৰ ৰাতিত
আকাশত উজ্জ্বল তৰা
কাৰণ বৈৎলেহেমত দায়ুদৰ বংশত-২
পৰিত্ৰাতা যীচু জন্মিল-৩
কুশলৰ মহিপাল
তেওঁ হ‘ব আশ্চৰ্য্য
মন্ত্ৰী আৰু শান্তিৰাজ-২
ঈশ্বৰৰ পুত্ৰ
তেওঁ পৰিত্ৰাতা যীচু
ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু-২
আজি শুভ বৰদিন, আজি আনন্দৰ দিন x২
গোহালি ঘৰত
দানাপাত্ৰত শুই আছে যীচু
ইন্মানূৱেল প্ৰভু-২
মানৱলৈ জন্মিল আশাৰ সন্তান
সেয়েহে আমি উল্লাসৰ গীত গাম
আদি সুখৰ দিন, আজি প্ৰভুৰ দিন-২
জিল মিল তৰা
আকাশত নতুন তৰা
এন্ধাৰ ৰাতিত
আকাশত উজ্জ্বল তৰা
কাৰণ বৈৎলেহেমত দায়ুদৰ বংশত
পৰিত্ৰাতা যীচু জন্মিল-৪