- যীচু তুমি কেনে মহান
দিলা মানৱক মুক্তিদা
মানৱ আছিল পাপত ভৰি
তুমি দিলা পৰিত্ৰাণ
আচৰিত তোমাৰ দয়া
দেখিলোঁ প্ৰভু আমি
গলগথাৰ কালবাৰী ক্ৰুচত
আমাৰ পাপৰ বাবে
তুমিয়ে নিজকে
দিলা কালবাৰী ক্ৰুচত বলিদান
হোচান্না হওঁক যীচু তোমাৰ
হোচান্না হওঁক যীচু
হোচান্না হওঁক যীচু তোমাৰ
হোচান্না হওঁক যীচু
2. হে প্ৰভু, তুমি আমাক
জীৱনত দিলা আশীষ
জীৱনৰ প্ৰতিটো ক্ষন
নিয়া চলাই আজি x2
আহিছোঁ তোমাতে
আৰ্পিছো আমাৰ এই জীৱন
চলোৱা এই জীৱন
চাপিছো তোমাৰেই চৰণ
জীৱনৰ মুক্তিদাতা তুমিয়েই
জীৱনৰ শান্তিদাতা তুমিয়েই
বিচাৰোঁ তোমাকে আজি
হোচান্না হওঁক যীচু তোমাৰ
হোচান্না হওঁক যীচু
হোচান্না হওঁক যীচু তোমাৰ
হোচান্না হওঁক যীচু
3 তুমিয়ে সৃষ্টিকৰ্তা
তুমিয়ে মুক্তিদাতা
তুমিয়ে পৰিত্ৰাতা যীচু
জীৱনৰ প্ৰতিটো ক্ষন
বিচাৰো তোমাক আজি যীচু
হোচান্না হওঁক যীচু
তোমাৰ হোচান্না হওঁক যীচু
হোচান্না হওঁক যীচু
তোমাৰ হোচান্না হওঁক যীচু
হালেল্লুয়া, হালেল্লুয়া, হালেল্লুয়া আমেন।
Lyrics: Sanjay Rabha