১। আজি কি সুৰাতি! আহিছে আন্ধাৰ ভেদি;
এটি অতি উজ্জ্বল দীপ্তি পৰিছে, য’ত লৰাতি
আছে শুই সুখেৰে।(২)
২। আজি কি সুৰাতি! আন্ধাৰ পলাল, হ’ল দীপ্তি;
মেৰ ৰখীয়াই শুনি পায়, “হাল্লিলুয়া” দূতে গায়,
“ত্ৰাণকৰ্ত্তা যীচু আহিল।”
৩। আজি কি সুৰাতি! হে শিশু, স্বৰ্গৰ দীপ্তি!
জন্মিলা হাঁহি মুখে, বোলক ধন্য সব মুখে,
সেই আনন্দৰ পুৱা।(২)
৪। আজি কি সুৰাতি! হে তৰা, দিয়া দীপ্তি,
আহিছে সৌ জ্ঞানীগণ, দিবলৈ ৰজাক সোন-ধন।
ত্ৰাণকৰ্ত্তা যীচু আহিল।(২)
গোলোক চন্দ্ৰ খ্ৰীষ্টিয়ান