১। মেৰ-ৰখীয়াবোৰে ৰাতি জাকক ৰখা সময়,
ঈশ্বৰৰ দূত নামি আহি (ঠাই কৰে দীপ্তিময়)(২)
২। দূতে কলে, “নকৰিবা মোক দেখি একো ভয়;
উদ্ধাৰৰ শুভৱাৰ্ত্তাহে (আনোঁ মানৱলৈ)”(২)
৩। “দায়ূদৰ বংশত জন্মিছে এক ত্ৰাণকৰ্ত্তা মহান;
জগতৰ প্ৰভু নামিছে (এক কন্যাৰ হৈ সন্তান”(২)
৪। দেখিবাগৈ সেই মহানজন-নৰ ৰূপে প্ৰকাশ,
এৰি স্ৰগৰ সিংহাসন (দৰিদ্ৰত লয় নিবাস)(২)
৫। তাক কলত, শুনা দূতসমূহ গায় স্বৰ্গৰ মহা-স্বৰ
“সৰ্ব্বোপৰ ঈশ্বৰ ধন্য হওক, (কুশল হওক মনুষ্যৰ।)”(২)
৬। ধৰা, ধৰা, প্ৰাণীসকল, বঢ়াই সেই মহা-গান;
ঈশ্বৰৰ বাক্য সিদ্ধ হল, (নৰৰ হল পৰিত্ৰাণ।)(২)
উইলিয়াম ওৱাৰ্ড্