চিয়োন দেশ
সৰগৰ সেই দেশ
পৃথিৱী আমাৰ জিৰণিৰ দেশ
যামগৈ এদিন
আপোন সেই দেশ ২
হালিলুয়া, হালিলুয়া… ৪
জগতৰ মায়া এৰি
যাবই লাগিব সিপুৰী ২
জগতৰ সুখ-শান্তি খন্তেকীয়া ২
সৰগৰ সেই শান্তি যুগমীয়া ৩
হালিলুয়া, হালিলুয়া… ৪
সৰগৰ সেই সুখৰ ৰাজ্যত
ঠাই পাম খ্ৰীষ্টৰ কাষত ২
সকলো দুখৰ অন্ত হ’ব ২
চিৰ আনন্দ আমাৰ হ’ব ২
হালিলুয়া, হালিলুয়া… ৪
আহিবা প্ৰভু এই ধৰালৈ
নিবলৈ আমাক তেওঁৰ ঠাইলৈ ২
প্ৰতিজ্ঞা ইশ্বৰৰ পূৰ্ণ হ’ব ২
অনন্ত জীৱন আমাক দিব ২
হালিলুয়া, হালিলুয়া… ৪