হে যীচু তোমাৰ চৰণতে(HE JISU TOMAR SORONATE)
হে যীচু তোমাৰ চৰণতে
মোৰ জীৱন কৰোঁ অৰ্পন
তোমাৰ পবিত্ৰ তেজেৰে ধুই
দিয়া মোক পৰিত্ৰাণ
মই আহিছোঁ আহিছোঁ
প্ৰভু লোৱা মোক-২
হে যীচু তোমাৰ চৰণতে
মোৰ জীৱন কৰোঁ অৰ্পন
তোমাৰ পবিত্ৰ তেজেৰে ধুই
দিয়া মোক পৰিত্ৰাণ
সৃষ্টিকৰ্তা ঈশ্বৰ হৈয়ো
ললা জন্ম মানৱ ৰূপে
সৰগৰ সুখ সকলো এৰি
আহিলা আমাৰ এই ধৰালে
নিষ্কলঙ্কা নিষ্পাপ হৈয়ো
পাপী ৰূপে তুমি শাস্তি পালা
আমাৰ পাপৰ গধূৰ বোজা
তুমি বহন কৰিলা
হে যীচু তোমাৰ চৰণতে
মোৰ জীৱন কৰোঁ অৰ্পন
তোমাৰ পবিত্ৰ তেজেৰে ধুই
দিয়া মোক পৰিত্ৰাণ
কালবাৰীৰ সেই ক্ৰুচ(Krus) কাঠত
বোৱালা নিজ পবিত্ৰ তেজ
পাপৰ যে বেচ মৃত্যু আমাৰ
তাকেই তুমি কৰিলা শেষ
তোমাৰ সেই তেজতে মই
ভৰষা কৰি আহো আগুৱাই
তাতেই মাথোঁ মুকুতি মোৰ
আৰু যে নাই আন উপায়
হে যীচু তোমাৰ চৰণতে
মোৰ জীৱন কৰোঁ অৰ্পন
তোমাৰ পবিত্ৰ তেজেৰে ধুই
দিয়া মোক পৰিত্ৰাণ
মই আহিছোঁ আহিছোঁ
প্ৰভু লোৱা মোক-২