মনো তুমিয়ে দিলা
শৰীৰো তুমিয়ে দিলা
প্ৰভু নাই মোৰ কোন(২)
জীৱন তুমিয়ে দিলা
মনো তুমিয়ে দিলা
সৃষ্টিকৰ্ত্তা পৰম পিতা মোৰ
সোঁৱৰো তোমাক আজি
তোমাতে মুক্তি তোমাতে শান্তি
তুমিয়ে সৰ্ব্বজনা(২)
দেখোৱালা তুমি সত্যৰ পথ
দিলা শান্তি সৰগত(২)
জীৱন তুমিয়ে দিলা
মনো তুমিয়ে দিলা
তোমাৰ চৰণত আহিছোঁ প্ৰভু
দিয়া আশিষ তুমি মোক
মোৰেই জীৱনক অৰ্পন কৰিছোঁ
উদ্ধাৰ কৰা প্ৰভু মোক(২)
দিয়া তোমাৰ পবিত্ৰ আত্মা
প্ৰাৰ্থিছো প্ৰভু তামাক(২)
জীৱন তুমিয়ে দিলা
মনো তুমিয়ে দিলা
শৰীৰো তুমিয়ে দিলা
প্ৰভু নাই মোৰ কোন(২)
জীৱন তুমিয়ে দিলা
মনো তুমিয়ে দিলা