Song Titile:জীৱনৰ এই বাট(Jibonar Aai Baat)
Album: Hubho Bordin
জীৱনৰ এই বাট কলৈনো যাই
নাজানো কাহানিও এই কথা হাই (২)
মাথো সেই পথ যীচুৱে জানে
কাৰণ তেঁৱেই বাট, সত্য আৰু অনন্ত জীৱন
জীৱনৰ এই বাট…..
একা বেকা এই জীৱনৰে বাট
জীৱন যাত্ৰাত আছে ঘাট-প্ৰতিঘাট (২)
জীৱনৰ বাটত উজুটি খাই
পৰিমৰো কত যে দুখ-কষ্ট পাই
খ্ৰীষ্টৰ বাটহে সত্যৰ বাট
সেই বাটে পামগৈ নিশ্চয় এদিন ঠাই সৰতগ
হে পৰিশ্ৰান্ত, ভাৰাক্ৰান্ত পথিক
খ্ৰীষ্টই দিব বাটৰ সন্ধান সঠিক (২)
দিশহাৰা হৈ পাপৰ বজা লৈ
কিয়ো অনাই-বনাই ফুৰিছা বই
খ্ৰীষ্টৰ বাটেহে জীৱনৰ বাট
সেই বাটে পাৱাগৈ অনন্ত জীৱন শেষত