প্ৰভু যীচু ধন্যবাদ | Prabhu Jisu Dhanyabad Lyrics

প্ৰভু যীচু ধন্যবাদ
শতবাৰ কৰো ধন্যবাদ x২
দিলা তুমি নতুন জীৱন
কৰো তোমাক সমৰ্পণ x২
প্ৰভু যীচু ধন্যবাদ
শতবাৰ কৰো ধন্যবাদ x৩

এন্ধাৰ পথত মই যে কেকাই আছিলো
পোহৰৰ বাটলৈ চলাই আনিলা x২
জীৱন মোৰ সলনি হ’ল
সুখ, আনন্দৰ দিনবোৰ আহিল
দিয়া আশিষ প্ৰতিদিন
যেন পূজো চিৰদিন
দিয়া আশিষ প্ৰতিদিন
যেন পূজো চিৰদিন

প্ৰভু যীচু ধন্যবাদ
শতবাৰ কৰো ধন্যবাদ x৩

মানৱ জাতিক তুমি প্ৰেম কৰিলা
নিজৰ অমূল্য জীৱন দান দিলা x২
মৃত্যুকো জিনি উঠিলা
আমাকো পৰিত্ৰাণ দিলা x২
শেষৰ দিনা এই পাপীকো
সৰগত যেন ঠাই দিবা x২

প্ৰভু যীচু ধন্যবাদ
শতবাৰ কৰো ধন্যবাদ x৩
দিলা তুমি নতুন জীৱন
কৰো তোমাক সমৰ্পণ x২
প্ৰভু যীচু ধন্যবাদ
শতবাৰ কৰো ধন্যবাদ x৩

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top