বেলি ডুবাৰ সময় হ’ল তোমাৰ জীৱনৰ
বন্ধু তুমি মন পালটাই ঘূৰা যীচুলৈ
বেলি ডুবাৰ সময় হ’ল তোমাৰ জীৱনৰ
বন্ধু তুমি মন পালটাই ঘূৰা যীচুলৈ
অৱহেলা কিয় আছা কৰি
এন্ধাৰ বাটত কিয় আছা ফুৰি
অৱহেলা কিয় আছা কৰি
এন্ধাৰ বাটত কিয় আছা ফুৰি
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
জীৱনৰে নাই যে ভৰসা
এদিন আহিব শেষৰ নিশা
মানৱ জীৱন হয় নিশাৰ সপোন
সকলোৰে যে আহে মৰণ
জীৱনৰে নাই যে ভৰসা
এদিন আহিব শেষৰ নিশা
মানৱ জীৱন হয় নিশাৰ সপোন
সকলোৰে যে আহে মৰণ
এতিয়াই যীচুলৈ ঘূৰা
পাবা দয়া আৰু ক্ষমা
প্ৰেমেৰে তোমাক তুলিব
অনন্ত জীৱনো দিব
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
যীচু মৰিল যে তোমাৰ বাবে
ক্ৰুছত নিজৰ প্ৰাণো দিলে
মন পালটাই তুমি আহাঁ ঘূৰি
চয়তানৰ এই বান্ধোন ছিঙি
যীচু মৰিল যে তোমাৰ বাবে
ক্ৰুছত নিজৰ প্ৰাণো দিলে
মন পালটাই তুমি আহাঁ ঘূৰি
চয়তানৰ এই বান্ধোন ছিঙি
যীচুক গ্ৰহণ কৰা তুমি
নতুন জীৱন লোৱা আজি
পৰিত্ৰাণৰ হোৱা ভাগি
হোৱা সৰগৰ নিৱাসী
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই
হে…
নামধাৰী খ্ৰীষ্টিয়ান ভাই…